মুখ্য পৃষ্ঠা
06/04/25
14:45
লুইতৰ পাৰে পাৰে
ধূঁনাঘুৰি ঘাটত যিদিনা
নাওঁ বোৰ ওপঙি থকা দেখিছিলো ,
সেইদিনাই বুকুৰ কেইটিমান হুমুনিয়াহ
উজাই আহিব খুজিছিল কামিহাঁড় বগাই |
আটলাণ্টিক একেই আছেনে বাৰু ?
টাইটানিক বুকুত লৈ ,
ঢ়ৌয়ে কৰেনে ধেমালী ?
কাঞ্চনজংঘা ,
মৌনতাৰ আঁচল মেলি
যুগে যুগে কাৰ বাবে অপেক্ষা তুৰ |
শীতৰ ঠেৰেঙা লগা বতাহটো
কঁপি কঁপি লুইতৰ বুকুত পানী খাই
পুৰ্ণিমাৰ জোনটোয়ে |
অষ্টাচলৰ ৰাঙলী আলিবাটত ,
এখনি সাতোৰঙী ৰামধেনু জিলিকে |
হিমালয় ,
এইয়া কিমান শতিকাৰ স্বাধীনতা ?
সীমান্তৰ প্ৰহৰী তই |
তুৰ দুভৰি পখালি বৈ অহা লুইতে
দেশৰ পৰাধীনতা স্বীকাৰ কৰে |
নীলাচলৰ মৌনতাই
দুখৰ ৰহন সানে |
একেই আছে মোৰ দেশ ,
কাঞ্চনজংঘাৰ দৰে |
আটলাণ্টিক পাৰ হৈ ,
সুখৰ টাইটানিক মোৰ
দেশলৈ এদিনো নাহে |
সময়ে জানে ,
সময়ৰ দুপাখিত ধৰি
ফাগুন আকৌ আহিব |
বসন্তৰ চাদৰ খন মেৰিয়াই
পলাশ মদাৰে হাঁহিব
বুঢ়াপাহৰ তথাপি একেই থাকিব |
© ৰাজু কলিতা
18/12/14